প্ৰশ্ন 1। শেহতীয়াকৈ কাক ভিস্তাৰা এয়াৰলাইনৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী বিষয়া(CEO) হিচাপে নিযুক্তি দিয়া হৈছে?
উত্তৰ: বিনোদ কান্নন
প্ৰশ্ন 02। শেহতীয়াকৈ কোনখন দেশে পৰৱৰ্তী ৬ মাহৰ বাবে ইউৰোপীয় ইউনিয়নৰ সভাপতিত্ব গ্ৰহণ কৰিছে?
উত্তৰ: ফ্ৰান্স
প্ৰশ্ন 03। শেহতীয়াকৈ কোনখন দেশত কোভিদ-19 "IHU
(B.1.640.2)"ৰ এটা নতুন প্ৰকাৰ পোৱা গৈছে?
উত্তৰ: ফ্ৰান্সত
প্ৰশ্ন 04। শেহতীয়াকৈ ছেবিয়ে(SEBI) ইয়াৰ প্ৰাথমিক বজাৰ পৰামৰ্শদাতা সমিতি পুনৰ গঠন কৰিছে, কাক এই সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে?
উত্তৰ: এছ চাহু
প্ৰশ্ন 05। শেহতীয়াকৈ মহম্মদ হাফিজে ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে, তেওঁ কোন দেশৰ?
উত্তৰ: পাকিস্তান
প্ৰশ্ন 06। শেহতীয়াকৈ স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ অধীনত কোনখন ৰাজ্যই মুকলিত শৌচ মুক্ত গাওঁৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে?
উত্তৰ: তেলেংগানা
প্ৰশ্ন 07। কোন খন দেশে শেহতীয়াকৈ নতুন হাইপাৰচনিক টিচিৰকন মিছাইলৰ পৰীক্ষা কৰিছে?
উত্তৰ: ৰাছিয়া
প্ৰশ্ন 08। শেহতীয়াকৈ, বিবাহৰ আইনী বয়স বৃদ্ধি (বাল্য বিবাহ সংশোধনী বিধেয়ক, 2021) বৃদ্ধি সম্পৰ্কীয় বিধেয়কখন পৰীক্ষা কৰাৰ বাবে এখন সমিতি গঠন কৰা হৈছে, কাক এই সমিতিৰ অধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হৈছে?
উত্তৰ: সুস্মিতা দেৱ (TMC MP)
প্ৰশ্ন 09। 25 ফেব্ৰুৱাৰী 2022 তাৰিখে ভাৰত আৰু 46 খন বন্ধুত্বপূৰ্ণ দেশৰ মাজত অনুষ্ঠিত হ'বলগীয়া মিলান অনুশীলন কোন স্থানত?
উত্তৰ: বিশাখাপটনম
প্ৰশ্ন 10। শেহতীয়াকৈ কোনে ইণ্ডিয়া অৰ্ধপৰিবাহী অভিযান(India Semiconductor
Mission) আৰম্ভ কৰিছে?
উত্তৰ: কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ
প্ৰশ্ন 11। বিশ্ব ব্ৰেইল দিৱস কেতিয়া উদযাপন কৰা হয়?
উত্তৰ: 04 জানুৱাৰীত